বৰ্তমান সময়ত কম্পিউটাৰ বা লেপটপ আমাৰ জীৱনৰ এক অপৰিহাৰ্য্য অংগ। যিহেতু এটা কম্পিউটাৰ বা লেপটপৰ দাম যথেষ্ট বেছি, গতিকে কিবা এটা বেয়া হৈ গ’লেই তাৰ মেৰামতি কৰিবলৈ যথেষ্ট খৰছ হয়। সেয়েহে, আৰম্ভণিৰে পৰাই ইয়াৰ সঠিক যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়।
আপোনাৰ কম্পিউটাৰ বা লেপটপটো যাতে দীৰ্ঘদিন ধৰি কোনো lag নোহোৱাকৈ, smoothly আৰু super fast গতিৰে চলি থাকে, তাৰ বাবে আমি মাজে-সময়ে কিছুমান সৰু সৰু কথা মন কৰা উচিত। ঠিক যেনেকৈ আমাৰ শৰীৰটো সুস্থ ৰাখিবলৈ নিয়মিত যত্নৰ প্ৰয়োজন, কম্পিউটাৰটোকো এটা সুস্থ পৰিৱেশৰ দৰকাৰ।
⌘ নিয়মিত বা মাজে মাজে কি কি কৰিব লাগে (The Do's)
দৈনিক কৰিবলগীয়া কাম:
a) Shutdown কৰাৰ অভ্যাস: কাম শেষ হোৱাৰ পিছত লেপটপ বা কম্পিউটাৰটো কেৱল স্লিপ (Sleep Mode) ত থৈ নিদিব। দিনটোৰ অন্তত ইয়াক সঠিকভাৱে Shutdown কৰিব। ইয়াৰ দ্বাৰা চিষ্টেমৰ মেম’ৰী (RAM) সম্পূৰ্ণ সতেজ হৈ পৰে।
b) ডেস্কটপ পৰিষ্কাৰ ৰখা: ডেস্কটপ স্ক্ৰীনখনত (Desktop Screen) ডাঙৰ ফাইল (বহুত MB/GB থকা File), চিনেমা বা গান জমা কৰি নাৰাখিব। ডেস্কটপত বেছি ফাইল থাকিলে কম্পিউটাৰ অন হওঁতে বেছি সময় লয়। প্ৰয়োজনীয় ফাইলবোৰ C Drive ৰ বাহিৰে অন্য ড্ৰাইভত (যেনে D বা E Drive) ছেভ কৰি ৰাখিব।
⌘ সপ্তাহত বা ১৫ দিনত এবাৰ কৰিবলগীয়া কাম:
১. Temporary Files কেনেকৈ চাফা কৰিব? (Step-by-Step)
কম্পিউটাৰত কাম কৰি থাকিলে বহুতো অস্থায়ী আৱৰ্জনা ফাইল জমা হয়। এইবোৰ ডিলিট কৰিবলৈ তলৰ ৩ টা চুটি প্ৰক্ৰিয়া কৰিব লাগে:
ষ্টেপ ১: প্ৰথমতে কীবৰ্ডত থকা Windows Key + R একেলগে টিপক। স্ক্ৰীনৰ বাঁওফালে তলত এটা সৰু 'Run' বক্স খোল খাব।
ষ্টেপ ২: সেই বক্সটোত লিখক temp আৰু তাৰ পিছত Enter মাৰক বা OK বুটামত ক্লিক কৰক। এটা ফ’ল্ডাৰ খোল খাব।
ষ্টেপ ৩: এতিয়া কীবৰ্ডত Ctrl + A টিপি সকলো ফাইল চিলেক্ট কৰক আৰু Delete বুটাম টিপি আটাইবোৰ মচি পেলাওক।
ষ্টেপ ৪: আকৌ এবাৰ Windows Key + R একেলগে টিপক। এইবাৰ বক্সটোত লিখক %temp% আৰু Enter মাৰক। আগৰ দৰেই সকলো ফাইল select কৰি delete কৰি দিয়ক।
ষ্টেপ ৫: শেষবাৰৰ বাবে আকৌ Windows Key + R টিপি এইবাৰ লিখক prefetch আৰু Enter মাৰি তাৰ ভিতৰৰ ফাইলবোৰো ডিলিট কৰি দিয়ক।
মনত ৰাখিব: কিছুমান ফাইল ডিলিট কৰিবলৈ যাওঁতে স্ক্ৰীনত 'Try Again' বা 'Skip' কৰিবলৈ ক’ব পাৰে। তেনেকৈ দেখালে 'Do this for all current items' ত ✔️ চিন দি Skip কৰি দিব। কাৰণ সেই কেইটা ফাইল বৰ্তমান কম্পিউটাৰত কোনোবাটো software-ৰে ব্যৱহাৰ কৰি আছে।
২. Recycle Bin কেনেকৈ সম্পূৰ্ণ খালী কৰিব?
আমি সাধাৰণতে ডিলিট কৰা ফাইলবোৰ কম্পিউটাৰৰ পৰা একেবাৰে নোহোৱা হৈ নাযায়, সি গৈ Recycle Bin ত জমা হৈ থাকে। ইয়াক চাফা কৰিবলৈ:
ষ্টেপ ১: আপোনাৰ কম্পিউটাৰৰ ডেস্কটপ স্ক্ৰীনলৈ যাওক। তাত এটা ডাস্টবিনৰ দৰে আইকন দেখিব, যাৰ নাম Recycle Bin।
ষ্টেপ ২: আইকনটোৰ ওপৰত মাউছৰ Right-Click (সোঁ বুটাম) কৰক।
ষ্টেপ ৩: এতিয়া তাত ওলোৱা অপচনসমূহৰ পৰা Empty Recycle Bin ত ক্লিক কৰক।
ষ্টেপ ৪: স্ক্ৰীনত এটা কনফাৰ্মেচন পপ-আপ আহিব (Are you sure you want to permanently delete...), তাত Yes কৰি দিয়ক। আপোনাৰ চিষ্টেমৰ মেম’ৰী খালী হৈ পৰিব।
৩. Disk Cleanup কেনেকৈ ব্যৱহাৰ কৰিব?
উইণ্ড’জৰ এইটো আটাইতকৈ সুৰক্ষিত টুল, যিয়ে কম্পিউটাৰৰ ফাইল নষ্ট নকৰাকৈ লুকুৱাই থকা আৱৰ্জনাসমূহ বিচাৰি উলিয়াই চাফা কৰে।
ষ্টেপ ১: টাস্কবাৰত (Taskbar) থকা চাৰ্চ বক্সত টাইপ কৰক Disk Cleanup আৰু এপ্লিকেচনটো ওপেন কৰক।
ষ্টেপ ২: এটা সৰু বক্স ওলাব য’ত ড্ৰাইভ চিলেক্ট কৰিব ক’ব। তাত (C:) ড্ৰাইভটো চিলেক্ট কৰি OK কৰক।
ষ্টেপ ৩: অলপ সময় ল’ব আৰু কম্পিউটাৰে হিচাপ কৰি এটা তালিকা উলিয়াব। তাত থকা Temporary Files, Downloaded Program Files, Thumbnails, Recycle Bin আদিৰ কাষৰ বাকচবোৰত ✔️ চিন মাৰি দিয়ক।
ষ্টেপ ৪: এতিয়া তলত থকা OK বুটামত ক্লিক কৰক।
ষ্টেপ ৫: তাৰ পিছত Delete Files ত ক্লিক কৰিলে উইণ্ড’জে সুৰক্ষিতভাৱে সকলো জাংক ফাইল মচি পেলাব।
এটা অতিৰিক্ত টিপ: এই কামখিনি কৰাৰ পিছত আপোনাৰ কম্পিউটাৰ বা লেপটপটো এবাৰ Restart কৰি ল’ব। তেতিয়া আপুনি নিজেই অনুভৱ কৰিব যে কম্পিউটাৰটো আগতকৈ বহুত smooth আৰু fast চলিছে!
⌘ মাহেকীয়া বা প্ৰয়োজন অনুসৰি কৰিবলগীয়া কাম:
Windows আৰু Software আপডেট: উইণ্ড’জ অপাৰেটিং চিষ্টেম আৰু আপুনি ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ চফ্টৱেৰসমূহ সদায় আপডেট কৰি ৰাখিব (Settings -> Update & Security)। আপডেটে কম্পিউটাৰৰ সুৰক্ষা বঢ়ায় আৰু নতুন features প্ৰদান কৰে।
অব্যৱহৃত চফ্টৱেৰ আনইনষ্টল কৰা: আপুনি ব্যৱহাৰ নকৰা পুৰণি বা কামত নহা software-বোৰ Control Panel গৈ uninstall কৰি দিব। ই চিষ্টেমৰ বোজা কমায়।
⌘ কি কি কাম কেতিয়াও কৰিব নালাগে (The Don'ts)
a) C Drive ৰ মূল ফ’ল্ডাৰ ডিলিট নকৰিব: Local Disk (C:) ৰ ভিতৰত থকা Windows, Program Files, ProgramData, Drivers, AMD বা Users ৰ দৰে গুৰুত্বপূৰ্ণ চিষ্টেম ফ’ল্ডাৰবোৰ কেতিয়াও মেনুৱেলী ডিলিট নকৰিব। ইয়াৰ ফলত কম্পিউটাৰটো একেবাৰে নষ্ট বা বন্ধ হৈ যাব পাৰে।
b) অচিনাকি লিংক বা ক্ৰেক চফ্টৱেৰ ডাউনল’ড নকৰিব: ইণ্টাৰনেটত যিকোনো থাৰ্ড-পাৰ্টী ৱেবছাইটৰ পৰা ফ্ৰী চিনেমা, গেম বা পেইড চফ্টৱেৰৰ "Crack Version" ডাউনলোড নকৰিব। ইয়াৰ জৰিয়তে কম্পিউটাৰত বিপজ্জনক ভাইৰাছ বা মেলৱেৰ (Malware) প্ৰৱেশ কৰিব পাৰে।
c) অধিক এণ্টিভাইৰাছ ব্যৱহাৰ নকৰিব: কম্পিউটাৰত একেলগে দুটা বা তিনিটা এণ্টিভাইৰাছ চফ্টৱেৰ কেতিয়াও ইনষ্টল নকৰিব। উইণ্ড’জত থকা নিজা Windows Security (Windows Defender) টোৱেই বৰ্তমান যথেষ্ট শক্তিশালী। বেলেগ এণ্টিভাইৰাছ দিলে কম্পিউটাৰটো বহুত স্লো (Slow) হৈ পৰে।
d) পোনপটীয়াভাৱে পাৱাৰ অফ নকৰিব: লেপটপ বা কম্পিউটাৰ চলি থকা অৱস্থাত মেইন চুইচ বন্ধ কৰি বা পাৱাৰ বুটামটো টিপি ধৰি পোনপটীয়াভাৱে বন্ধ নকৰিব (যদিহে কম্পিউটাৰটো সম্পূৰ্ণৰূপে হেং হোৱা নাই)। ইয়াৰ ফলত হাৰ্ড ডিস্ক বেয়া হোৱাৰ সম্ভাৱনা থাকে।
e) বিচনা বা কোমল ঠাইত লেপটপ ব্যৱহাৰ নকৰিব: লেপটপ কেতিয়াও বিচনা, চোফা বা তুলিৰ ওপৰত থৈ ব্যৱহাৰ নকৰিব। ইয়াৰ দ্বাৰা লেপটপৰ তলত থকা বতাহ ওলোৱা ভেন্ট (Vent) বোৰ বন্ধ হৈ পৰে আৰু লেপটপটো অত্যাধিক গৰম (Overheat) হৈ ভিতৰৰ যন্ত্ৰাংশ নষ্ট হ’ব পাৰে। সদায় কোনো টান টেবুল বা লেপটপ ষ্টেণ্ড ব্যৱহাৰ কৰিব।
কম্পিউটাৰ এটা সুস্থ ৰাখিবলৈ হ’লে কেৱল ওপৰে ওপৰে চাফা কৰাটোৱেই নহয়, তাৰ ভিতৰৰ ফাইল আৰু চফ্টৱেৰসমূহৰ শৃংখলাবদ্ধতাতো গুৰুত্ব দিব লাগে। ওপৰত উল্লেখ কৰা সৰু সৰু ‘ষ্টেপ’ কেইটা যদি আপুনি মাজে মাজে পালন কৰি চলে, তেন্তে আপোনাৰ লেপটপ বা কম্পিউটাৰটোৱে বহুবছৰলৈ কোনো আমনি নিদিয়াকৈ সুন্দৰ সেৱা আগবঢ়াই যাব।